ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ত্রিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত হৈছে। দেশখন ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুক আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকী মলাৱিৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। আফ্ৰিকাৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণেই হ’ল তেওঁৰ এই যাত্ৰাৰ মূল উদ্দেশ্য। ইয়াৰ পূৰ্বে নিজৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু কালি মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তেওঁ লগতে প্রতিনিধি পৰ্যায়ৰ আলোচনাতো ভাগ লয়। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে চাৰিখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

অধিক পঢ়ক

সকলো চাওক