ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া আলজেৰিয়া ভ্রমণ সামৰি আজি ম’ৰিটানিয়ালৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া আলজেৰিয়া ভ্রমণ সামৰি ত্ৰিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত আজি ম’ৰিটানিয়ালৈ ৰাওনা হ’ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী মুৰ্মুৱে ভাৰত আৰু আলজেৰিয়াৰ মাজৰ সম্পর্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশখনৰ শীৰ্ষ নেতৃবৰ্গ আৰু প্ৰতিনিধিসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা আমাৰ সংবাদদাতাই জনাইছে যে শ্রীমতী মুৰ্মুৱে দিনজোৰা ম’ৰিটানিয়া ভ্ৰমণৰ সময়ত কেইবাটাও অনুষ্ঠানত অংশ ল’ব। ভ্রমণ কালত তেওঁ ম’ৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱালী আৰু অন্য নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। তেওঁ লগতে দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে ৰাষ্ট্ৰপতিৰ আলজেৰিয়া ভ্ৰমণ ঐতিহাসিক আছিল। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ সচিব অৰুণ কুমাৰ চেটার্জীয়ে কয় যে এই ভ্রমণে উভয় দেশৰ মাজৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্কত গতি প্ৰদান কৰিব। তেওঁ লগতে কয় যে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীত আলজেৰিয়াৰ সদস্য-পদক লৈ আলোচনা হ’লে ভাৰতে ইয়াৰ সমৰ্থন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু ত্রিদেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত কাইলৈ মলাৱিত উপস্থিত হ’ব। আফ্ৰিকাৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণেই এই যাত্ৰাৰ মূল উদ্দেশ্য।

অধিক পঢ়ক

সকলো চাওক