ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ফিজি, নিউজিলেণ্ড আৰু টিমোৰ লেষ্টেৰ ত্ৰিদেশীয় ভ্রমণ সামৰি নতুন দিল্লীত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ফিজি, নিউজিলেণ্ড আৰু টিমোৰ লেষ্ট ভ্ৰমণৰ অন্তত আজি বিয়লি নতুন দিল্লীত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত দ্বিপাক্ষিক সম্পর্ক সবল কৰাৰ উপৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত বুজাবুজিৰ চুক্তি আৰু দ্বিপাক্ষীক চুক্তি স্বাক্ষৰিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে ৰাষ্ট্ৰপতিগৰাকীয়ে মত বিনিময় কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বাণিজ্যিক সুচলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে দেশ দুখনৰ মাজত দ্বিপাক্ষিক শুল্ক সহযোগিতা ব্যৱস্থাপনা চুক্তি স্বাক্ষৰিত হয়। নিউজিলেণ্ডে আন্তঃৰাষ্ট্ৰীয় সৌৰজোটক স্বীকৃতি দিয়াৰ জৰিয়তে সংশ্লিষ্ট ক্ষেত্ৰখনত যুটীয়া গৱেষণা আৰু বিকাশৰ সুযোগ মুকলি হ’ব বুলি আশা কৰা হৈছে। দুয়োখন দেশে জামনগৰত থকা পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰৰ জৰিয়তে পৰম্পৰাগ ঔষধ সন্দৰ্ভত উৎকৃষ্ট কৌশল বিনিময় কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। টিমোৰ লেষ্টত প্ৰচাৰ ভাৰতী আৰু টিমোজে ৰাজহুৱা সম্প্ৰচাৰ সংস্থা ৰেডিঅ’ টেলিভিজাউন টিমোৰ লেষ্ট-আৰ টি টি এলৰ মাজত সহযোগিতাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। তদুপৰি বিষয়া তথা কুটনৈতিক পাৰ পত্ৰ থকা সকলৰ বাবে ভিছাৰ সুচলতা আৰু সাংস্কৃতিক বিনিময়ৰ কাৰ্যসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ফিজিত দুয়ো দেশৰ মাজত এশখন বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হৃদৰোগ বিভাগৰ চিকিৎসালয়ৰ বাবে ভূমি আৱণ্টনৰ নথি পত্ৰ আনুষ্ঠানিকভাৱে হস্তান্তৰ কাৰ্যসূচীও সম্পন্ন হয়। এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক কম্পেনীয়ন অৱ দা অৰ্ডাৰ অৱ ফিজি আৰু গ্ৰেণ্ড কলাৰ অৱ দা অৰ্ডাৰ অৱ টিমোৰ লেষ্ট সন্মান আগবঢ়োৱা হয়। ৰাষ্ট্ৰপতিগৰাকীৰ এই তিনি ৰাষ্ট্র ভ্রমণে দেশকেইখনৰ সৈতে ভাৰতৰ গভীৰ ঐতিহাসিক মিত্রতা সবল কৰি তোলাৰ লগতে এই মিত্ৰতাক নতুন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত কৰিব। এই ভ্ৰমণৰ জৰিয়তে এক্ট ইষ্ট নীতিৰ সৈতে সংগতি ৰাখি ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু দক্ষিণ পূব এছিয়া অঞ্চলত ভাৰতৰ কৌশলগত গুৰুত্ব প্ৰতিফলিত হৈছে।

অধিক পঢ়ক

সকলো চাওক