ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্রাণ্ড কলাৰ অব অৰ্ডাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি টিমোৰ লেষ্টেৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্রাণ্ড কলাৰ অব অৰ্ডাৰ প্ৰদান কৰা হয়। বৰ্তমান টিমোৰ লেষ্টে ভ্ৰমণলৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক দেশখনৰ ৰাজধানী ডিলিত সেই দেশৰ ৰাষ্ট্ৰপতি জোছ ৰামোছ হোতাই এই সন্মান প্ৰদান কৰে।ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু টিমোৰ লেষ্টেৰ ৰাষ্ট্ৰপতি হোতা আৰু প্রধানমন্ত্ৰী গুছমাওৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি দ্বিপাক্ষিক বৈঠকৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে এখন যুটীয়া সংবাদ মেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, ভাৰত আৰু টিমোৰ লেষ্টেৰ মাজত গভীৰ বন্ধুত্ব আছে আৰু দুয়োখন দেশ গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে, দুয়োখন দেশে আন্তর্জাতিক সৌৰ মিত্ৰতা আৰু দুৰ্যোগ প্ৰতিৰোধ আন্তঃগাঁথনি সহযোগিতাত টিমোৰ লেষ্টেৰ যোগদান সন্দৰ্ভত সহমতত উপনীত হৈছে। আনহাতে সংবাদ মেলত টিমোৰ লেষ্টেৰ ৰাষ্ট্ৰপতি হোতাই ভাৰতৰ গণতান্ত্ৰিক প্ৰমূল্যক উচ্চ প্ৰশংসা কৰে আৰু টিমোৰ লেষ্টেৰ তথ্য প্রযুক্তি, ডিজিটীয় আন্তঃগাঁথনি চিকিৎসা তথা ঔষধীয় খণ্ডৰ লগতে যোগ্যতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতক সহযোগিতাৰ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশখনৰ প্ৰধানমন্ত্রী কে ৰালা চানানা গুছমাঅ’ৰ সৈতেও বৈঠকত মিলিত হয়। এই আলোচনাৰ মাজতে দুয়োখন দেশৰ মাজত প্ৰসাৰ ভাৰতী আৰু ৰেডিঅ’ টেলিভিচাউন টিমোৰ লেষ্টেৰ মাজত চুক্তি সম্পাদন হয়। ইয়াৰ পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্রীয় মর্যাদাৰে সন্মান প্ৰদৰ্শন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক