ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাইলৈৰ পৰা ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। এয়া হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম’ৰলেষ্ট ভ্ৰমণ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতি ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ত্রিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফিজিত উপস্থিত হৈ ৰাষ্ট্ৰপতি কেট নিৱেৰে আৰু প্রধানমন্ত্রী ছিটিৱেণী ৰাবুকাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ৰাষ্ট্ৰপতিয়ে ফিজিৰ সংসদত ভাষণ দিয়াৰ লগতে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতিয়ে ৮ আগষ্টত নিউজিলেণ্ডত উপস্থিত হ’ব। এই ভ্ৰমণকালত শ্ৰীমতী মুৰ্মুৱে গৱৰ্ণৰ জেনেৰেল ছিন্দি কিৰো আৰু প্ৰধানমন্ত্রী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে বৈঠকত মিলিত হ’ব। তেওঁ ৱেলিংটনত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দিব আৰু অকলেণ্ডত প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিব। শ্রীমতী মুর্মু এই ত্রিদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত ১০ আগষ্টত টিম’ৰলেষ্টত উপস্থিত হ’ব আৰু দেশখনৰ ৰাষ্ট্ৰপতি জোচে ৰামোচ হোৰ্টাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। টিমৰৰ প্ৰধানমন্ত্ৰী কে ৰালা জেনানা গুছম’য়ো ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব।

অধিক পঢ়ক

সকলো চাওক