ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি গৃহ ৰাজ্য ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পবিত্ৰ তীৰ্থনগৰী পুৰীৰ প্ৰভু জগন্নাথ, প্ৰভু বলোভদ্ৰ, দেৱী শুভদ্ৰা আৰু প্ৰভু সুদৰ্শনৰ বিশ্বপ্ৰসিদ্ধ ৰথ যাত্রা প্রত্যক্ষ কৰিব। কালি ভুৱনেশ্বৰত উপস্থিত হোৱাৰ পাছত ওড়িশাৰ ৰাজ্যপাল ৰঘূবৰ দাস, মুখ্যমন্ত্রী মোহন চৰণ মাঝি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্ৰীমতী মুৰ্মুক আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৱে কালি সন্ধিয়া ভূৱনেশ্বৰত উৎকলমানী পণ্ডিত গোপাবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু বার্ষিকিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাইলৈ তেওঁ ভূৱনেশ্বৰৰ ঐতিহাসিক উদয়গিৰি আৰু খণ্ডগিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰাৰ লগতে বিভূতি কাননণ্ড কলা আৰু চাৰুকলা মহাবিদ্যালয় আৰু উৎকল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ কথা আছে। সেইদিনাই ভূৱনেশ্বৰৰ সমীপৰ হৰিদামাদা গাঁৱত ব্ৰহ্মকুমাৰীৰ ডিভাইন ৰিট্ৰিট চেণ্টাৰ উদ্বোধন কৰাৰ লগতে লাইফ ষ্টাইল ফৰ চাষ্টেইনেবিলিটি অর্থাৎ স্থায়িত্বৰ বাবে জীৱনশৈলী অভিযানৰ শুভাৰম্ভ কৰিব। পৰহিলৈ দিল্লীলৈ উভতি অহাৰ পূৰ্বে তেওঁ ভূৱনেশ্বৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ত্ৰয়োদশ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব।
Site Admin | July 7, 2024 12:11 PM | President Murmu Odisha Visit