প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। শ্রীমোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ লগতে নিজৰ পদত্যাগ পত্র দাখিল কৰে। শ্ৰীমতী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকলক নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিবলৈ আহ্বান জনায়। প্রধানমন্ত্রী শ্রীমোদীয়ে আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়কো সাক্ষাৎ কৰে। অহা ৮ জুনত শ্ৰীমোদীয়ে পুনৰ প্ৰধানমন্ত্রী হিচাপে শপতগ্ৰহণ কৰিব।
Site Admin | June 5, 2024 6:18 PM | Murmu-Modi | tenders resignation