ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ উদ্দেশ্যে লিছবনলৈ ৰাওনা হৈছে। পৰ্টুগাল ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰাষ্ট্ৰপতি মাৰ্ছেলো ৰেবেলো ডি ছুচাক সাক্ষাৎ কৰিব আৰু প্ৰতিনিধি পৰ্য্যায়ৰ আলোচনাত মিলিত হ’ব। শ্ৰীমতী মুৰ্মুৱে পৰ্টুগালৰ প্ৰধানমন্ত্রী লুইচ মণ্টেগ্ৰো আৰু নেচনেল এছেম্বলিৰ অধ্যক্ষ জোছ পেড্ৰ’ অগুইৰ ব্ৰেংকোক সাক্ষাৎ কৰিব।
শ্লোভাকিয়া ভ্ৰমণকালত ৰাষ্ট্ৰপতি মুৰ্মুৱে দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্রিণি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এইবছৰ ভাৰত আৰু পৰ্টুগালৰ মাজত কূটনৈতিক সম্পৰ্কৰ পুনৰ স্থাপনৰ ৫০ বছৰ পূর্তি উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশখন ভ্ৰমণ কৰিব। ২৭ বছৰ পাছত এয়া হ’ব এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ পৰ্টুগাল ভ্ৰমণ। ভাৰত আৰু পৰ্টুগালে বিগত বহু বছৰ ধৰি ঐতিহাসিক আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক ৰক্ষা কৰি আহিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ এই ভ্রমণে পৰ্টুগালৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্লোভাকিয়া ভ্রমণে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ লগতে সম্প্ৰসাৰিত কৰিব। পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ জৰিয়তে ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী হ’ব বুলিও আশা কৰা হৈছে।
Site Admin | April 6, 2025 9:07 PM | President Droupadi Murmu Portugal visit
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পৰ্টুগাল আৰু শ্লোভাকিয়া ভ্ৰমণৰ উদ্দেশ্যে লিছবনলৈ ৰাওনা
