ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান কৰে। বিশ্ব দবা চেম্পিয়ন দি গুকেশ, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজেতা মনু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰালিম্পিকত স্বর্ণ পদক বিজেতা প্ৰবীন কুমাৰক মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা প্ৰদান কৰা হয়। ক্ৰীড়াৰ ক্ষেত্ৰত বিগত ৪ বছৰত আগবঢ়োৱা অনন্য প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰা হয়। একেদৰে ৩২ গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হয়। অর্জুন বঁটা লাভ কৰা খেলুৱৈসকলৰ ভিতৰত – এথলিট জ্যোতি য়াৰাজি আৰু অন্নু ৰাণী, বক্সাৰ নীতু আৰু ছৱিটী, দবা খেলুৱৈ ৱন্তিকা আগৰৱাল, হকী খেলুৱৈ ছালিমা টেটে, অভিষেক, সঞ্জয়, জমনপ্রীত সিং আৰু সুখজিৎ সিং, পেৰা আৰ্চাৰী খেলুৱৈ ৰাকেশ কুমাৰ, পেৰা এথলিট প্রীতি পল, জীৱানজী দীপ্তি, অজিত সিং আৰু শচীন খিলাড়ী অন্যতম।
প্রবীন এথলিট ছুচা সিং আৰু প্ৰবীন পেৰা সাতোঁৰবিদ মুৰলীকান্ত পেটকাৰক জীৱনজোৰা সাধনাৰ বাবে অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। খেল ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰা চণ্ডিগড় বিশ্ববিদ্যালয়ক মৌলানা আবুল কালাম আজাদ বঁটা প্ৰদান কৰা হয়।
একেদৰে পেৰা শ্বুটিঙৰ প্ৰশিক্ষক সুভাষ ৰানা, শ্বুটিং প্রশিক্ষক দিপালী দেশপাণ্ডে, হকীৰ প্ৰশিক্ষক সন্দীপ ছঙৱান, বেডমিণ্টন প্রশিক্ষক এছ মুৰুলীধৰণ আৰু ফুটবল প্ৰশিক্ষক আমাণ্ডো এগনেলো ক’লাকোক দ্রোণাচার্য বঁটা প্ৰদান কৰা হয়।
Site Admin | January 17, 2025 7:58 PM | Sports Award
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান
