ডাউনলোড
মোবাইল এপ

android apple
signal

December 25, 2024 8:22 PM | Veer Baal Diwas

printer

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ১৭ টি শিশুক  কাইলৈ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত মুঠ ৭ টা শাখাত ১৭ টি শিশুক প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব। কলা-সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্রীড়া আৰু পৰিবেশ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দেশৰ ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১৭ টি শিশুলৈ এই বঁটা আগবঢ়োৱা হ’ব। এই বঁটাত আছে এটা পদক, প্ৰমাণ পত্ৰ আৰু প্ৰশস্তিপত্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বীৰ বাল দিৱস উপলক্ষে দেশৰ ভৱিষ্যত শিশুসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ভাৰত মণ্ডপমত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত উপস্থিত ৰাইজৰ আগত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ দিয়াৰ লগতে তেওঁ সুপোচিত গ্রাম পঞ্চায়ত অভিযান মুকলি কৰিব।
এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন বিদ্যালয়, শিশু যতন কেন্দ্র আৰু অঙ্গনবাড়ী কেন্দ্ৰসমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মাই গভ আৰু মাই ভাৰত পোৰ্টেলৰ জৰিয়তে অনলাইন কুইজ, গল্প কথন, সৃষ্টিশীল ৰচনা, পোষ্টাৰ আদিৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে নির্বাচিত শিশুসকলো উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক