March 30, 2024 9:09 PM | Bharat Ratna

printer

চৌধাৰী চৰণ সিং, পি ভি নৰসিমহা ৰাও, কৰ্পূৰী ঠাকুৰ আৰু এম এছ স্বামীনাথনলৈ ভাৰত ৰত্ন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰাক্তন প্রধানমন্ত্ৰী চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিমহা ৰাওৰ লগতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু যশস্বী বিজ্ঞানী এম এছ স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰে। ৰাষ্ট্ৰপতিয়ে প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ বর্ষিয়ান নেতা লালকৃষ্ণ আদৱানীক কাইলৈ আনুষ্ঠানিকভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিব। আজিৰ অনুষ্ঠানত সন্মানপ্ৰাপকৰ পৰিয়ালৰ লোকে ভাৰত ৰত্ন সন্মান গ্রহণ কৰে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাৰত ৰত্ন দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। অসাধাৰণ আৰু উল্লেখনীয় সেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্নৰে সন্মানিত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ, যশস্বী বিজ্ঞানী এম এছ স্বামীনাথন তথা প্রাক্তন প্রধানমন্ত্রী চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিমহা ৰাওৰ অৱদানৰ শলাগ লৈছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, কৰ্পূৰী ঠাকুৰক ভাৰত ৰত্নৰে সন্মানিত কৰাটো সামাজিক ন্যায় আৰু সমতাৰ হকে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী ব্যক্তিলৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলিস্বৰূপ হৈছে। তেওঁ কয় যে, পিচপৰা শ্ৰেণীৰ অধিকাৰৰ হকে কৰ্পূৰী ঠাকুৰৰ অক্লান্ত সংঘৰ্ষই ভাৰতীয় সমাজত অমিত চাপ এৰি থৈ গৈছে। শ্ৰীমোদীয়ে কৃষি ক্ষেত্ৰত ড০ এম এছ স্বামীনাথনৰ অৱদানৰ কথা উল্লেখ কৰি কয় যে, কৃষি আৰু আনুবংশিক বিজ্ঞানৰ ক্ষেত্ৰত বিজ্ঞানীগৰাকীৰ গৱেষণাই সমগ্ৰ বিশ্বত সমাদৰ বুটলিবলৈ সমৰ্থ হৈছে। ড০ স্বামীনাথনৰ প্ৰচেষ্টাৰ বাবেই ভাৰত খাদ্য সামগ্রী উৎপাদনৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল হ’বলৈ সমৰ্থ হৈছে বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে । প্রধানমন্ত্ৰীয়ে কয় যে, দেশৰ বিকাশ বিশেষকৈ কৃষি আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ স্বীকৃতিস্বৰূপে প্রাক্তন প্রধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক ভাৰত ৰত্নৰে বিভূষিত কৰা হৈছে। এই সন্মানে চৌধুৰী চৰণ সিঙে আদৰ্শ হিচাপে অনুসৰণ কৰা কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সামাজিক সেৱাৰ প্ৰমূল্যৰাজি মানি চলিবলৈ ভৱিষ্যৎ প্ৰজন্মক উৎসাহিত কৰিব বুলি শ্রীমোদীয়ে আশা প্রকাশ কৰে। প্রাক্তন প্রধানমন্ত্রী পি ভি নৰসিমহা ৰাও সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে, দেশৰ প্ৰতিজন নাগৰিক তেওঁৰ অৱদানক লৈ গৌৰৱান্বিত। তেওঁ কয় যে, প্রাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰগতি আৰু আধুনিকীকৰণৰ হকে ব্যাপকভাৱে কাম কৰিছিল আৰু তেওঁ এগৰাকী বিদ্বান আৰু চিন্তাবিদ হিচাপে জনাজাত আছিল।

অধিক পঢ়ক

সকলো চাওক