ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰপতি মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী মোদীৰ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্ৰকাশ

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ শেষকৃত্য ক্ষন্তেক পাছতে মুম্বাইৰ ৱলিত সম্পন্ন কৰা হ’ব। গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰতন টাটাৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব। ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী শ্রী শ্বাহ মুম্বাইত উপস্থিত হৈছে। উল্লেখযোগ্য যে ৰতন টাটাক শেষ শ্রদ্ধা জনোৱাৰ বাবে মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰত সহস্ৰাধিক গুণমুগ্ধই ভিৰ কৰে। মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত কালি ৮৬ বছৰ বয়সত মৃত্যু হোৱা ৰতন টাটাক শেষ শ্ৰদ্ধা জনাবলৈ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত হৈছে।
ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰে প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আজি ৰাজ্যিক শোকৰ দিন হিচাপে ঘোষণা কৰিছে। ৰাজ্যখনত লগতে আজিৰ দিনটোৰ বাবে সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে। ২০১২ চনৰ ২৯ ডিচেম্বৰত ৰতন টাটাক টাটা ছন্স, টাটা ইণ্ডাষ্ট্রিজ, টাটা মটছ, টাটা ষ্টিল আৰু টাটা কেমিকেলছৰ আজীৱন অধ্যক্ষৰ উপাধিৰে সন্মানিত কৰা হৈছিল। ভাৰতৰ সবাতোকৈ প্ৰসিদ্ধ উদ্যোগপতিসকলৰ অন্যতম ৰতন টাটাই ২ দশকৰো অধিক সময় ধৰি টাটা ছন্সৰ অধ্যক্ষ হিচাপে কাম কৰিছিল। তেওঁ টাটা ন্যাসৰ জৰিয়তে লোকহিতৈষী অনেক কামত ভাগ লৈছিল। তেওঁক ২০০০ চনত পদ্মভূষণ আৰু ২০০৮ চনত পদ্মবিভূষণসহ অনেক সন্মানেৰে বিভূষিত কৰা হৈছিল৷

অধিক পঢ়ক

সকলো চাওক