ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ লৈছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে, ফোগতৰ অসাধাৰণ সাফল্যই দেশক গৌৰৱান্বিত কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অলিম্পিকত ফোগতক অযোগ্য ঘোষণা কৰাটো দেশৰ বাবে দুখজনক যদিও তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৃদয়ত ছেম্পিয়ন হৈ থাকিব। ফোগত ভাৰতীয় মহিলাসকলৰ কেতিয়াও হাৰ নমনাৰ মানসিকতাৰ প্ৰতিক বুলি শ্ৰীমুৰ্মুৱে উল্লেখ কৰে। তেঁও কয় যে, খেলুৱৈগৰাকী ভৱিষ্যতে বিশ্ব ছেম্পিয়ন হ’বলগীয়া ভাৰতীয় খেলুৱৈসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব। তেওঁ লগতে খেলুৱৈগৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলৰ বাবে অযোগ্য ঘোষিত ৱিনেশ ফোগতক শান্তনা প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে, এই অন্তৰায় দুখদায়ক আৰু তেওঁৰ নিৰাশা ব্যক্ত কৰাৰ বাবে কোনো শব্দ নাই। তেওঁ কয় যে, ফোগত ছেম্পিয়নৰ ছেম্পিয়ন আৰু দেশৰ গৌৰৱ। খেলুৱৈগৰাকীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে, প্ৰত্যাহ্বানৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিয়াটো ৱিনেশ ফোগতৰ চৰিত্ৰ৷ তেওঁ কয় যে, সকলোৱে খেলুৱৈগৰাকীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু তেঁওক এই নিৰাশাৰ পৰা অধিক শক্তিশালী হৈ ওলাব বুলি আশা প্ৰকাশ কৰে।
গৃহমন্ত্রী অমিত শ্বাহেও ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাক লৈ দুখ প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰা কাৰ্যই লাখ লাখ ভাৰতীয়ৰ আশা ভংগ কৰিছে। শ্ৰীশ্বাহে কয় যে, ৱিনেশ ফোগতৰ খেলুৱৈ জীৱন সচাকৈ উল্লেখনীয় আৰু তেওঁ বিশ্ব ছেম্পিয়নক পৰাস্ত কৰাৰ অভূতপূৰ্ব সাফল্য অর্জন কৰিছে।
ইয়াৰ পূৰ্বে ভাৰতীয় অলিম্পিক সংস্থাই এটা বিবৃতিযোগে কয় যে, ভাৰতীয় দলে গোটেই নিশা ধৰি চেষ্টা চলোৱাৰ পাছতো খেলুৱৈগৰাকীৰ ওজন আজি পুৱাৰ ভাগত ৫০ কিলোগ্ৰামতকৈ কেইগ্রামমান বৃদ্ধি পায়।
Site Admin | August 7, 2024 8:11 PM | Droupadi Murmu | President
পেৰিছ অলিম্পিকত আগবঢ়োৱা উল্লেখনীয় প্ৰদৰ্শনৰ বাবে মল্লযোদ্ধা ৱিনেশ ফোগতৰ শলাগ ৰাষ্ট্ৰপতি মুৰ্মুৰ
