ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰপতি মুৰ্মুৱে ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ উপস্থিত থাকিব। প্ৰতিবছৰে ১১ ফেব্ৰুৱাৰীত প্রখ্যাত ইউনানি চিকিৎসক শিক্ষাবিদ আৰু মুক্তিযুজাৰু হাকিম আজমল খানৰ জয়ন্তী উপলক্ষে ইউনানি দিৱস পালন কৰা হয়। আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ ইউনানি ঔষধৰ কেন্দ্ৰীয় গৱেষণা পৰিষদে দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনে আলোচনা, সহযোগিতা আৰু জ্ঞান বিনিময়ৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। সন্মিলনৰ মূল উদ্দেশ্য হ’ল বিশ্ব স্বাস্থ্য আৰু কল্যাণৰ প্ৰসাৰৰ ক্ষেত্ৰত ইউনানি ঔষধৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোকপাত কৰা।

অধিক পঢ়ক

সকলো চাওক