ৰাষ্ট্ৰপতি মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। নতুন দিল্লীত কালি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰাচ্যৰ সচিব জয়দীপ মজুমদাৰে কয় যে এয়া হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম’ৰলেষ্টে ভ্রমণ। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতি ঘোষণা কৰাৰ পাছৰে পৰা ভাৰতে দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ লগতে এই তিনিওখন দেশক এক্ট ইষ্ট নীতিৰ আওতাত পৰে বুলি সদৰি কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ত্রিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফিজিত উপস্থিত হ’ব। তাত তেওঁ ফিজিৰ ৰাষ্ট্ৰপতি কেট’নিৱেৰে আৰু প্ৰধানমন্ত্রী ছিটিৱেণী ৰেবুকাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ভ্রমণকালত ৰাষ্ট্ৰপতিয়ে ফিজি সংসদত ভাষণ দিয়াৰ লগতে দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। ভাৰত ফিজিৰ গুৰুত্বপূৰ্ণ উন্নয়ন সহযোগী। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ৰাষ্ট্ৰপতি মুৰ্মুই ৮ আগষ্টত নিউজিলেণ্ডত উপস্থিত হ’ব। বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰাচ্যৰ সচিবে কৈছে যে, ভ্রমণকালত শ্ৰীমতী মুৰ্মুৱে গৱৰ্ণৰ জেনেৰেল ছিন্দি কিৰো আৰু প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনৰ সৈতে বৈঠকত মিলিত হ’ব। শ্রীমতী মুর্মুৱে বেলিংটনত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দিব আৰু অকলেণ্ডত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰিব। শ্ৰীমজুমদাৰে কয় যে, নিউজিলেণ্ডে ভাৰতক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগী বুলি গণ্য কৰে। শ্ৰীমতী মুৰ্মু এই ত্রিদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত অহা ১০ আগষ্টত টিম’ৰলেষ্টেত উপস্থিত হ’ব আৰু দেশখনৰ ৰাষ্ট্ৰপতি জোচে ৰামোচ হোৰ্টাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। টিমৰৰ প্ৰধানমন্ত্রী কে ৰালা জেনানা গুছম’ই ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ কৰিব।

অধিক পঢ়ক

সকলো চাওক