ৰাষ্ট্ৰপতি মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ফিজি, নিউজিলেণ্ড আৰু টিম’ৰলেষ্ট ভ্ৰমণ কৰিব। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত পূবৰ সচিব জয়দীপ মজুমদাৰে কয় যে এয়া হ’ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ফিজি তথা টিম’ৰলেষ্ট ভ্ৰমণ। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতিৰ বিষয়ে উল্লেখ কৰাৰ পাছৰে পৰা দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলে ভাৰতৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ লগতে এই তিনিওখন দেশকে এক্ট ইষ্ট নীতিয়ে সামৰি লোৱা বুলি সদৰি কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণৰ প্রথম পৰ্যায়ত ফিজিত উপস্থিত হ’ব। শ্ৰীমতী মুৰ্মুৱে এই ভ্ৰমণকালত ফিজিৰ ৰাষ্ট্ৰপতি তথা প্রধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত তেওঁ অহা ৮ আৰু ৯ আগষ্টত নিউজিলেণ্ড ভ্রমণ কৰিব।

অধিক পঢ়ক

সকলো চাওক