ৰাষ্ট্ৰপতি মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন ‘উইংছ টু আৱাৰ হোপ্‌ছ’ গ্ৰন্থৰ প্ৰথম খণ্ড ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই গ্ৰন্থখনৰ হিন্দী আৰু ইংৰাজী সংস্কৰণৰ লগতে ই-বুকখন মুকলি কৰে। এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানো উপস্থিত থাকে। এই অনুষ্ঠানত আন দুখন গ্রন্থ কাহানী ৰাষ্ট্ৰপতি ভৱন কী আৰু ৰাষ্ট্ৰপতি ভৱন, হেৰিটেজ মিটছ দ্যা প্রেজেন্ট মুকলি কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত কৃষি মন্ত্ৰী শ্ৰীচৌহানে ৰাষ্ট্ৰপতিগৰাকীৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি কয় যে, তেওঁ নিজৰ সমগ্ৰ জীৱন সমাজ বিশেষকৈ অৱহেলিতসকলৰ উত্তৰণৰ বাবে উৎসৰ্গা কৰিছে। শ্রীচৌহানে লগতে আজি উন্মোচিত হোৱা এই গ্ৰন্থখনে ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি ভৱনৰ সৈতে জনসাধাৰণৰ সম্পর্ক গভীৰ কৰি তুলিব বুলি উল্লেখ কৰে। গ্ৰন্থৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি শ্রীচৌহানে কয় যে, গ্ৰন্থই আমাক মূল্যবান তথ্য দিয়াৰ লগতে গণতন্ত্ৰ আৰু সমাজৰ প্ৰমূল্য সম্পৰ্কে অৱগত কৰে। অনুষ্ঠানত অংশ লৈ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে গ্ৰন্থক ভৱিষ্যত প্ৰজন্মৰ বাবে মূল্যবান নথি বুলিও অভিহিত কৰে। তেওঁ লগতে কাহানী ৰাষ্ট্ৰপতি ভৱন কী গ্ৰন্থখনৰ কথা উল্লেখ কৰি এই গ্ৰন্থই ৰাষ্ট্ৰপতি ভৱনৰ অভিনৱ স্থাপত্য আৰু চহকী ঐতিহ্য সম্পৰ্কে চিত্ৰকল্পৰ দ্বাৰা উপস্থাপন কৰিব বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক