ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত উদ্যম উৎসৱত ৰাষ্ট্ৰপতি মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত আয়োজিত উদ্যম উৎসৱত অংশগ্ৰহণ কৰিব। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চলিত মাহৰ ৩০ তাৰিখে সামৰণি পৰিবলগীয়া এই উৎসৱৰ জৰিয়তে দেশৰ ঐতিহ্যক নাগৰিকৰ ওচৰলৈ লৈ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰ আৰু সৱলীকৰণৰ চেষ্টা কৰা হৈছে। অনুষ্ঠানত হস্তশিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন কৃষিভিত্তিক সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ উপৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ প্রযুক্তি, মহিলা উদ্যোগী, পি এম বিশ্বকৰ্মা আৰু জনজাতীয় উদ্যোগী, খাদী আৰু গ্ৰাম্য উদ্যোগৰ সামগ্ৰী এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হ’ব। সামগ্ৰীৰ প্ৰদৰ্শনৰ উপৰি থলুৱা গীত-মাত, নাটক, ৰাজস্থানী পুতলা প্ৰস্তুতকৰণ আদি কাৰ্যসূচী এই অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক