ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলন মুকলি ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলন মুকলি কৰে। এই সন্মিলনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজৰ সম্পৰ্কৰ্ক ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিভিন্ন বিষয় আৰু জনসাধাৰণৰ বাবে কল্যাণমূলক আঁচনিৰ প্ৰসাৰ সম্পৰ্কে আলোচনা কৰা হ’ব। সন্মিলন উদ্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে সন্মিলনৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় লক্ষ্য পূৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে এই সন্মিলনৰ আলোচনাই সকলো অংশগ্ৰহণকাৰীৰ বাবে চহকী অভিজ্ঞতাৰূপে পৰিগণিত হ’ব আৰু তেওঁলোকক নিজৰ কাম-কাজ উন্নত কৰাত সহায় কৰিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ফৌজদাৰী ন্যায়ৰ সৈতে জড়িত নতুন আইন তিনিখন ৰূপায়ণৰ সৈতে দেশত ন্যায় ব্যৱস্থাৰ এটা নতুন যুগৰ সূচনা হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীৰ্ষক আইন তিনিখনৰ নামৰ পৰা জনসাধাৰণৰ মানসিকতা যে সলনি হৈছে, সেয়া স্পষ্ট হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে গণতন্ত্ৰত সুচাৰুৰূপে কাম সম্পন্ন কৰাৰ বাবে সকলো ৰাজ্যত কেন্দ্ৰীয় সংস্থাসমূহে সমন্বয়ৰে কাম কৰাটো অত্যন্ত জৰুৰী। তেওঁ ৰাজ্যপালসকলে সংশ্লিষ্ট ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে এনে সমন্বয় বৃদ্ধিত কিদৰে সহায় কৰিব পাৰে, সেইবিষয়ে চিন্তা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশত গুণগত উচ্চ শিক্ষাক অপৰিমেয় সম্পদ বুলি অভিহিত কৰে, কাৰণ গুণগত শিক্ষাই ব্যক্তিৰ বিকাশৰ লগতে সামাজিক পৰিৱৰ্তন, উদ্ভাৱন আৰু অৰ্থনৈতিক প্ৰগতিত সহায় কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ স্বীকৃতি আৰু মূল্যায়ন ব্যৱস্থাৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হৈছে। ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে এই সংস্কাৰ প্ৰক্ৰিয়াত অৰিহণা যোগাবলৈ ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালসকলৰ প্ৰতি আহ্বান জনায়। শ্ৰীমতী মুৰ্মুৱে কয় যে চৰকাৰে দুখীয়া জনসাধাৰণ, সীমান্তৱৰ্তী এলেকা, সমাজৰ নিপীড়িত শ্ৰেণী আৰু বিকাশ যাত্ৰাত পিছপৰি ৰোৱা লোকসকলৰ উন্নয়নত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। অনুসূচিত আৰু জনজাতীয় এলেকাত ভালেসংখ্যক জনজাতীয় লোক বাস কৰে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যপালসকলক এনে এলেকাৰ জনসাধাৰণৰ সৰ্বাত্মক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ উপায় সম্পৰ্কে পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয় যে যুৱ-প্ৰজন্মৰ উদ্যম-শক্তি ইতিবাচক আৰু গঠনমূলক কামত খটুৱাব পাৰিলে যুৱক-যুৱতীসকলৰ উন্নয়ন তথা যুৱক-যুৱতীৰ নেতৃত্বত উন্নয়নৰ প্ৰক্ৰিয়াই গতি লাভ কৰিব। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ লেখীয়া প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে ভালেমান প্রচেষ্টা গ্রহণ কৰা হৈছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সন্মিলনত ভাষণ দি ৰাজ্যপালসকলৰ শপতৰ কথা উল্লেখ কৰে আৰু তেওঁলোকক জনসাধাৰণক সামাজিক কল্যাণৰ আঁচনি তথা যোৱা দশকত হোৱা অভূতপূৰ্ব বিকাশৰ বিষয়ে সজাগ কৰাৰ ক্ষেত্ৰত নিজৰ সাংবিধানিক দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। সন্মিলনত দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালসকলক কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ফলপ্রসূ সেঁতু ভূমিকা পালন কৰিবলৈ আৰু বিভিন্ন আঁচনিয়ে ঢুকি নোপোৱা লোকসকলৰ সহায়ৰ বাবে জনসাধাৰণ আৰু সামাজিক সংগঠনৰ সৈতে মত-বিনিময় কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাজ্যপালসকলৰ পদবী গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসদৃশ আৰু তেওঁলোকে সাংবিধানিক পৰিকাঠামোৰ আওঁতাত থাকি জনসাধাৰণৰ কল্যাণ, বিশেষকৈ জনজাতীয় এলেকাসমূহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

অধিক পঢ়ক

সকলো চাওক