ডাউনলোড
মোবাইল এপ

android apple
signal

December 17, 2024 11:14 AM | Prez-Srilankan Prez

printer

ৰাষ্ট্ৰপতি ভৱনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে নৈশভোজৰ আয়োজন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰ কুমাৰ দিছানায়কৰ সন্মানাৰ্থে নৈশভোজৰ দিহা কৰে। নৈশভোজত ভাগলোৱা শ্ৰীদিছানায়ক আৰু তেওঁৰ সৈতে অহা প্ৰতিনিধি দলটোক আদৰণি জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শ্ৰীলংকাৰ শেহতীয়া নিৰ্বাচনত জয়লাভ কৰা বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি তথা সাগৰ লক্ষ্যৰ ক্ষেত্ৰত শ্ৰীলংকা অতি গুৰুত্বপূৰ্ণ অংশ। ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য সহযোগী হিচাপে বহনক্ষম অর্থনৈতিক উন্নয়নৰ বাবে শ্ৰীলংকাৰ চৰকাৰে কৰি অহা প্ৰচেষ্টাৰ প্ৰতি ভাৰতে সহায়ৰ হাত আগবঢ়াই যাব বুলি তেওঁ প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, যে শ্ৰীলংকাৰ অগ্ৰাধিকাৰ আৰু প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি দেশখনৰ সৈতে ভাৰতৰ সৰ্বাত্মক উন্নয়ন সাহায্য সহযোগিতাৰ বিকাশ কৰা হৈছে। ভাৰতৰ বিনিয়োগ কেন্দ্ৰিক বিকাশে শ্ৰীলংকাৰ অর্থনৈতিক পুনৰুদ্ধাৰৰ লগতে সুস্থিৰতা ঘূৰাই অনাত সহায় কৰিব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে দৃঢ় বিশ্বাস প্রকাশ কৰে। উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক ভাৰত আৰু শ্ৰীলংকাৰ দ্বিপাক্ষিক সহযোগিতাৰ আধাৰ বুলিও তেওঁ উল্লেখ কৰে। দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি আৰু সমৃদ্ধিৰ বাবে দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়েও অনুষ্ঠানত দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে আলোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক