ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান কৰিব। বিশ্ব দবা চেম্পিয়ন দি গুকেশ, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজেতা মনু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰালিম্পিকত স্বর্ণ পদক বিজেতা প্রবীন কুমাৰক মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ’ব। ক্ৰীড়াৰ ক্ষেত্ৰত বিগত ৪ বছৰত আগবঢ়োৱা অনন্য প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰা হ’ব। একেদৰে ৩২ গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হ’ব। অর্জুন বঁটা লাভ কৰা খেলুৱৈসকলৰ ভিতৰত – এথলিট জ্যোতি য়াৰাজি আৰু অন্নু ৰাণী, বক্সাৰ নীতু আৰু ছৱিটী, দবা খেলুৱৈ ৱন্তিকা আগৰৱাল, হকী খেলুৱৈ ছালিমা টেটে, অভিষেক, সঞ্জয়, জমনপ্রীত সিং আৰু সুখজিৎ সিং, পেৰা আৰ্চাৰী খেলুৱৈ ৰাকেশ কুমাৰ, পেৰা এথলিট প্ৰীতি পল, জীৱানজী দিপ্তী, অজিত সিং আৰু শচীন খিলাড়ী অন্যতম। প্রবীন এথলিট ছুচা সিং আৰু প্ৰবীন পেৰা সাতোঁৰবিদ মুৰলীকান্ত পেটকাৰক জীৱনজোৰা সাধনাৰ বাবে অৰ্জুন বঁটাৰে সন্মানিত কৰা হ’ব। একেদৰে পেৰা শ্বুটিঙৰ প্ৰশিক্ষক সুভাষ ৰানা, শ্বুটিং প্রশিক্ষক দীপালি দেশপাণ্ডে, হকীৰ প্রশিক্ষক সনদ্বীপ চঙৱান, বেডমিণ্টন প্রশিক্ষক এছ মুৰুলীধৰণ আৰু ফুটবল প্রশিক্ষক আমাণ্ডো এগনেলো ক’লাকোক দ্রোণাচার্য বঁটা প্ৰদান কৰা হ’ব।
Site Admin | January 17, 2025 10:08 AM | Sports Award
ৰাষ্ট্ৰপতি ভৱনত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান
