ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে শণিবাৰে হায়দাবাদৰ সমীপৰ বলাৰূমত থকা ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব। এই মহোৎসৱ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ চহকী আৰু বৈচিত্র্যময় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি উৎসৰ্গা কৰা হৈছে। ৰাষ্ট্ৰপতি নিলয়মত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাষ্ট্ৰপতি ভৱনৰ বিষয়া স্বাতী চাহীয়ে কয় যে, ২৯ ছেপ্তেম্বৰৰ পৰা ৬ অক্টোবৰলৈ হ’বলগীয়া এই ভাৰতীয় কলা মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক সজীৱ ৰূপত তুলি ধৰা হ’ব। মহোৎসৱৰ এই বিশেষ সংস্কৰণটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সাংস্কৃতিক সমন্বয়ৰ বিশেষ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ ৰাষ্ট্ৰপতিৰ দৃষ্টিভংগীক আগুৱাই নিব বুলি তেওঁ মন্তব্য কৰে । উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ব্রিগেডিয়াৰ আৰ. কে. সিঙে জনোৱা অনুসৰি এই মহোৎসৱত ৪০০ গৰাকী শিল্পী তথা শিপিনীয়ে অংশগ্ৰহণ কৰিব। মহোৎসৱত বিনামূলীয়া প্ৰৱেশৰ বাবে আগ্রহী আটাইকে ৰাষ্ট্ৰপতি নিলয়মৰ ৱেবছাইটত পঞ্জীয়ন কৰিবলৈ শ্ৰীচাহীয়ে অনুৰোধ জনাইছে।
Site Admin | September 26, 2024 10:08 AM | Prez