ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয় যে যীশু খ্ৰীষ্টৰ প্ৰেম আৰু সমন্বয়ৰ বাৰ্তা, ভাতৃত্ববোধৰ মনোভাৱ আৰু সকলোৰে কল্যাণৰ বাবে তেওঁ দিয়া শিক্ষাই এখন উন্নত পৃথিৱীৰ পথ পোহৰাই ৰাখিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে বৰদিনে আমাক ঐক্য আৰু শান্তি গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে।
উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা বাৰ্তাত কৈছে যে, বৰদিনে আশা, দয়া আৰু কৰুণাৰ সাৰ্বজনীন বাৰ্তা বহন কৰে। তেওঁ কয়, যে যীশুখ্ৰীষ্টৰ শিকনিসমূহ আজিও প্রাসংগিক হৈ আছে আৰু এই শিকনিসমূহে সকলো জনসাধাৰণৰ মাজত বুজাবুজি, সহানুভুতি আৰু পাৰস্পৰিক বিশ্বাসৰ মৌলিক গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে। এই আমাৰ সংবিধানৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ প্ৰমূল্যৰ সৈতে এই আদৰ্শৰাজিৰ সামঞ্জস্য আছে বুলিও শ্ৰীধনখড়ে প্ৰকাশ কৰে।