বৰ্তমান চৰকাৰে দুখীয়া জনসাধাৰণৰ কল্যানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলস্বৰূপে ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি শ্রীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। চৰকাৰে বিত্তীয় ব্যৱস্থাপনাৰ নিয়ম মানি চলি উন্নয়নৰ বাবে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰশংসা কৰি শ্রীমোদীয়ে কয়, যে এই ভাষণে চৰকাৰৰ বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিছে। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰি তেওঁ কয়, যে দুখীয়া জনসাধাৰণক ৪ কোটি বাসগৃহ প্ৰদান কৰা হৈছে তথা সমগ্ৰ দেশত ১২ কোটি শৌচালয় নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ ফলত বিশেষকৈ মহিলাসকলৰ জীৱন সূচল হৈ পৰিছে। তেওঁ কয় যে জলজীৱন অভিযানৰ অধীনত দুখীয়া জনসাধাৰণলৈ নলযোগে পানী যোগানৰ উদ্দেশ্যে ১২ কোটিৰো অধিক সংযোগ প্ৰদান কৰা হৈছে আৰু ইয়াৰ ফলত পানীৰ পৰা হোৱা ৰোগ হ্ৰাস পাইছে। শ্রীমোদীয়ে কয় যে তেওঁৰ কাৰ্যকালত মূলধনী ব্যয়ৰ বাবে বাজেটত আৱণ্টন কৰা ধন চকুত লগা ধৰণে বৃদ্ধি কৰা হৈছে আৰু এই ধন এঘাৰ লাখ ২১ হাজাৰ কোটি টকাৰো অধিক আছে । চৰকাৰে শাসন ব্যৱস্থালৈ অনা স্বচ্ছতাৰ বাবে কোটি কোটি টকা ৰাহি হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে। শ্ৰীমোদীয়ে কয়, যে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ চিনাক্তকৰণৰ জৰিয়তে ৩ লাখ কোটি টকা ৰাহি কৰিব পৰা গৈছে। বিগত ১০ বছৰত মধ্যবিত্ত শ্ৰেণীলৈ কৰ উদগণি প্ৰদানৰ বাবে ভালেমান ব্যৱস্থা লোৱা হৈছে আৰু ইয়াৰ ফলত ভালেখিনি ধন ৰাহি হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰে অলপতে বছৰি ১২ লাখ টকালৈকে আয়কৰ ৰেহাইৰ কথা ঘোষণা কৰিছে আৰু এই ব্যৱস্থা মধ্যবিত্ত শ্ৰেণীৰ বিত্তীয় সৱলিকৰণৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বৰ্তমান চৰকাৰে দেশত যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা বৃদ্ধি কৰিছে বুলি শ্রীমোদীয়ে দাবী কৰে ।
Site Admin | February 4, 2025 8:23 PM | Prez - PM Reply
ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনা সম্পৰ্কত প্ৰধানমন্ত্ৰী শ্রীমোদীৰ উত্তৰ
