ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্রী অমিত শ্বাহে মাঘবিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্রতীক। এই উৎসৱ দেশৰ জনসাধাৰণক অক্লান্তভাৱে খাদ্য শস্যৰ যোগান ধৰা কৃষকসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপনৰ সুযোগ বুলি ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্রকাশ কৰে।
উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ে কয়, যে দেশৰ ভিন্ন প্রান্তত পৰম্পৰাগতভাৱে পালন কৰা এই উৎসৱসমূহে দেশৰ সাংস্কৃতিক বৈচিত্ৰক প্ৰতিফলিত কৰাৰ লগতে শস্য চপোৱা কাৰ্যক সম্মান জনাই পালন কৰা পৰম্পৰাকো প্রতিনিধিত্ব কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মাঘ বিহু আৰু লহৰীত প্রজ্বলিত পবিত্র অগ্নিয়ে সমাজৰ সকলো অসূয়া-অশান্তি নাশ কৰিব বুলি আশা প্রকাশ কৰে। মকৰ সংক্রান্তি উদযাপনে জনসাধাৰণৰ জীৱন আনন্দৰে পৰিপূৰ্ণ কৰাৰ লগতে পোংগল উৎসৱৰ পৰম্পৰাগত মাধুয্যই সকলোৰে জীৱন আনন্দমুখৰ কৰি তুলিব বুলি তেওঁ আশা প্রকাশ কৰে।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এটা বার্তাত কয়, যে লহৰী উৎসৱত প্রকৃতিৰ দান আৰু কৃষকৰ কঠোৰ শ্রম আৰু নিষ্ঠাক উদযাপন কৰা হয়। এই উৎসৱে সকলোৰে ঘৰলৈ সুখ-আনন্দ আৰু সমৃদ্ধিৰ লগতে দেশৰ বাবে বিকাশ আৰু উন্নয়নৰ বাৰ্তা কঢ়িয়াই আনিব বুলিও শ্রীবিৰলাই আশা ব্যক্ত কৰে।