দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী উদযাপন কৰা হৈছে। এই উৎসৱ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰী ৰামচন্দ্ৰৰ জন্মদিনৰ লগত সংগতি ৰাখি হিন্দু ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰি আহিছে। অযোধ্যাত উলহ-মালহেৰে ৰাম নৱমী উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাম নৱমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বার্তাযোগে কয়, যে ভগৱান ৰামৰ জীৱনে সত্য, ধৰ্ম আৰু ন্যায়ৰ পথ অনুসৰণ কৰাৰ অনুপ্ৰেৰণা দিয়ে।
Site Admin | April 6, 2025 8:51 PM | Ram Navami
ৰাম নৱমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশবাসীক ওলগ
