● ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত কেইঘণ্টামান বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্রাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। ইয়াৰ লগতে কংগ্ৰেছ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও প্ৰচাৰ তীব্ৰতৰ কৰি তোলে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ জিলাত প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে বামুনীগাওঁ পৰিষদীয় সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়।
গোৱালপাৰা জিলাত বিজেপি সমর্থিত ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দিবাকৰ ৰাভাই আজি কেইবাখনো প্ৰচাৰ সভাৰ আয়োজন কৰে। একেদৰে দদান পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হেমকান্ত ৰাভাই আজি সমষ্টিটোত মটৰ চাইকেল সমদল উলিয়াই ভোটদাতাক আকৰ্ষণ কৰাৰ চেষ্টা চলায়। গোৱালপাৰা জিলাত ১৯টা আৰু কামৰূপ জিলাত ১৪টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। সমষ্টিকেইটাত বিৰোধী কংগ্ৰেছকে ধৰি বিভিন্ন দল আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলেও প্ৰচাৰ অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে পৰিষদৰ ৪০ খন আসনৰ ভিতৰত ৪ খনৰ বাবে সদস্য মনোনীত কৰা হয়। ৩খনত এন ডি এৰ প্ৰাৰ্থী তিনিগৰাকী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। ৩৩ খন আসনৰ বাবে ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। সমষ্টিকেইটাত ৪,৪৫,৫৮৬ গৰাকী ভোটদাতা আছে আৰু ইয়াৰে ২ লাখ ২৯,৩৯৪ গৰাকী মহিলা ভোটদাতা। ৪ এপ্ৰিলত নিৰ্বাচনত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।