অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মুঠ ৫৫ গৰাকী আৰু কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ বাবে ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কামৰূপ জিলাৰ ১৬টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে সংশ্লিষ্ট সহকাৰী ৰিটার্নিং বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্রসমূহ দাখিল কৰে। বামুনীগাঁও পৰিষদৰ বাবে মনোনয়ন দাখিলৰ সময়ত বিজেপি প্রার্থীগৰাকীৰ লগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। এইবেলি ৰাভা-হাচং পৰিষদীয় নিৰ্বাচনত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিয়ে পূৰ্বৰ মিত্ৰতা অক্ষুণ্ণ ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেয়েহে ৩৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩০টাত ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতি আৰু ছটাত বিজেপিয়ে প্রার্থী থিয় কৰোৱাইছে। উল্লেখযোগ্য অহা ১৭ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ’ব। প্ৰাৰ্থীসকলে ১৯ মাৰ্চৰ বিয়লি ৩ বজালৈকে মনোনয়ন পত্র প্রত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
Site Admin | March 16, 2025 1:34 PM | rabha hasang election nomination
ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল
