ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পর্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বিচৰা শিক্ষাৰ্থীসকলে পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কার্ডো দাখিল কৰিব পাৰিব। বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰ- ছাত্ৰীসকলৰ পিতৃ-মাতৃ চৰকাৰৰ অধীনস্থ নিগম-নিকায়ত কৰ্মৰত হ’ব নোৱাৰিব, ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া শিক্ষার্থী হিচাপে নামভৰ্তি কৰিব লাগিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে এই সন্দৰ্ভত মহাবিদ্যালয় কর্তৃপক্ষক ইতিমধ্যে নির্দেশ দিয়া হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অধীনত প্ৰাদেশিকীকৃত তথা চৰকাৰী মহাবিদ্যালয়সমূহ আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমত প্ৰায় ৫৭ হাজাৰতকৈ অধিক শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। তেওঁ কয় যে আৰু ৫০ হাজাৰ শিক্ষাৰ্থীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। এই আঁচনিৰ বাবদ ৮২৬ কোটি ৩৬ লাখ টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে।
Site Admin | June 26, 2024 12:03 PM | Free Admission