September 28, 2024 11:08 AM | ADRE Exam

printer

ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ প্রস্তুতি সম্পূৰ্ণ

কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ প্রস্তুতি সন্দৰ্ভত যোৰহাটৰ আৱৰ্ত ভৱনত কালি এলানি বৈঠক অনুষ্ঠিত হয়। ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বাজ্যজুৰি অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠকত অসমৰ মুখ্য সচিবে সমাগত পৰীক্ষাৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ লগতে সমগ্ৰ যোৰহাট জিলাৰ পৰীক্ষাৰ কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতেও এখন বৈঠকত মিলিত হয়। সভাত যোৰহাট জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে ৷ উল্লেখ্য যে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাছনি পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। কাইলৈ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ ৫ হাজাৰ ২৯৫ পদৰ বাবে হ’বলগীয়া তৃতীয় বৰ্গৰ বাছনি পৰীক্ষাত ৫ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু চালক পদৰ বাবে ২ লাখ ৮ হাজাৰ ৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক