■ কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে কালি গুৱাহাটীত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইনাধৰাত অনুষ্ঠিত বৈঠকখনত শ্ৰী মোহনে মুখ্য সচিব ৰবি কোটা আৰু অন্য শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আলফা, আদিবাসী, কাৰ্বি আৰু ডিমা নেচনেল লিবাৰেছন আৰ্মীৰ সৈতে জড়িত চুক্তিৰ পৰ্যালোচনা চলায়। গৃহ সচিবগৰাকীয়ে লগতে আত্মসমৰ্পণ কৰা বিভিন্ন গোটৰ উগ্ৰপন্থীসকলৰ পুনৰসংস্থাপনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰো পৰ্যালোচনা কৰে। আলফাৰ শান্তি চুক্তিক লৈ সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সম্পাদক অনুপ চেতিয়াই গৃহ সচিবৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে । ইয়াৰ পাছতে সংবাদ মাধ্যমেৰে হোৱা কথা-বতৰাত অনুপ চেতিয়াই কয় যে শান্তি চুক্তিৰ বিষয়সমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভতেই আলোচনা কৰা হৈছিল। দিনজোৰা এই বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহ সচিব গৰাকীয়ে আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সংগঠনৰ সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়টোও চৰকাৰৰ সৈতে আলোচনা কৰে ৷ আজি অসম-মেঘালয় সীমা চুক্তিক লৈ গৃহসচিব গোবিন্দ মোহন আন এখন বৈঠকত মিলিত হ’ব।
Site Admin | November 6, 2024 10:25 AM | Akashvani Guwahati | Assam Govt | Guwahati News