অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰ পৰা ৯ নৱেম্বৰলৈকে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়া ভাষাই লাভ কৰা ধ্রুপদী ভাষাৰ বিৰল স্বীকৃতিক প্ৰতিজন অসমীয়াৰ ওচৰলৈ নিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চতুর্থ শতিকাৰ পৰা পৰ্যায়ক্রমে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি যোগোৱা মনিষী, পণ্ডিত আৰু ভাষাবিদসকললৈ কৃতজ্ঞতা জ্ঞাপনৰ লগতে ভাষা গৌৰৱ সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ধ্রুপদী অসমীয়া শীৰ্ষক গ্রন্থ নাগৰিকৰ মাজত বিতৰণৰ কৰা হৈছে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক লাখ নাগৰিকৰ জৰিয়তে কৃতজ্ঞতাসূচক পত্র প্ৰেৰণ কৰাৰ উপৰি অসমীয়াকে ধৰি ৰাজ্যৰ ১৪টা ভাষাত শৈক্ষিক প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। গুৱাহাটীত আজি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ আন আন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তিনিচুকীয়া জিলাৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ সাংস্কৃতিক কেন্দ্ৰত ভাষা গৌৰৱ সপ্তাহৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, জিলা আয়ুক্ত, পৌৰ সভাৰ সভাপতি আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আজি বিয়লি কৰিমগঞ্জ জিলা পুথিভঁৰালত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে এখন আলোচনা সভা অনুষ্ঠিত হ’ব।
Site Admin | November 3, 2024 12:50 PM | Bhasha Gourav Saptah of Assam Govt.