ৰাজ্য চৰকাৰে অসমৰ বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনত বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ দুহেজাৰ মেগাৱাটকৈ অধিক সন্মিলিত ক্ষমতাৰ কেইবাটাও বিদ্যুৎ প্রকল্প বর্তমান প্রস্তুতি পূৰ্ণ পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ২০২৭-২৮ বৰ্ষত ৰাজ্য চৰকাৰে এই প্ৰকল্পসমূহৰ জৰিয়তে দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব বুলি আশা প্ৰকাশ কৰিছে।
Site Admin | October 13, 2024 8:41 PM | Assam | CMO Assam | Electricity
ৰাজ্য চৰকাৰে ২০২৭-২৮ বৰ্ষৰ ভিতৰত অতিৰিক্ত দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণঃ মুখ্যমন্ত্ৰী
