ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰত আৰম্ভ কৰা বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ আজি এসপ্তাহ সম্পূৰ্ণ

ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰত আৰম্ভ কৰা বিকাশৰ ১২ দিন শীৰ্ষক উন্নয়নমূলক কাৰ্যসূচীৰ আজি এসপ্তাহ সম্পূৰ্ণ হৈছে। বিগত সপ্তাহত বিভিন্ন জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩২ হাজাৰ ৫৬২ গৰাকী ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। তদুপৰি ২ লাখ ১৩ হাজাৰৰো অধিক নৱম শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰা হৈছে। ১৮ হাজাৰ ৯৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীক এই সময়ছোৱাত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত বেংক একাউণ্টযোগে আর্থিক উদগণি প্ৰদান কৰা হৈছে। একেদৰে অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ অধীনত ৪৭ হাজাৰ ৬৭৬ গৰাকী মহিলাক ঋণমুক্তিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হৈছে। বান ক্ষতিগ্ৰস্ত ৩ হাজাৰৰো অধিক লোকক আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ বাবে ৪ হাজাৰ ছশৰো অধিক লোকক আর্থিক সাহায্য প্ৰদান কৰা হৈছে। চৰকাৰে এই সময়ছোৱাত প্ৰায় ১২ লাখ লোকক উন্নয়নমূলক আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য লৈছে।জলসিঞ্চন মন্ত্ৰী তথা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহালে আজি শোণিতপুৰ জিলাৰ ৩ হাজাৰ ১৪০গৰাকী হিতাধিকাৰীক ঋণমুক্ত প্রমাণ-পত্ৰ বিতৰণ কৰাৰ লগতে সমষ্টিটোৰ ৭৮ গৰাকী অনগ্ৰসৰ লোকক আর্থিক সাহায্যৰ চেক বিতৰণ কৰে। শিৱসাগৰ জিলাত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবহন মন্ত্রী যোগেন মহনে দুহেজাৰ ৮৪৫গৰাকী ঋণীলৈ ঋণমুক্তি প্রমাণ-পত্ৰ বিতৰণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত ১৮৬টা পৰিয়াললৈ পোনপটীয়াকৈ আর্থিক সাহায্য হস্তান্তৰ কৰে। তেওঁ লগতে প্রধানমন্ত্রী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ অধীনত ৮৬গৰাকী হিতাধিকাৰীক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে।

অধিক পঢ়ক

সকলো চাওক