ৰাজ্যৰ ৯ খন জিলাৰ অগ্নিবীৰ আঁচনিৰ প্ৰাৰ্থীৰ বাবে নিযুক্তি সমাবেশৰ আয়োজন

যোৰহাট জিলাৰ সেনা নিযুক্তি কাৰ্যালয়ে ৰাজ্যৰ ৯ খন জিলাৰ অগ্নিবীৰ আঁচনিৰ প্ৰাৰ্থীৰ বাবে অহা ১৫ জুলাইৰ পৰা ২০ জুলাইলৈ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰ জিলাৰ বাছনিভুক্ত প্রার্থীয়ে এই সমাৱেশত অংশ ল’ব পাৰিব। প্রার্থীসকলে প্ৰৱেশ পত্ৰত উল্লেখ কৰা দিনটোত অনুশীলন কৰা স্থানত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে। বাছনিভুক্ত প্রার্থীসকলে নিযুক্তি সমাবেশত দৌৰৰ লগতে শাৰীৰিক সক্ষমতাৰ পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ৷

অধিক পঢ়ক

সকলো চাওক