June 30, 2024 7:05 PM | Assam Flood

printer

ৰাজ্যৰ ৭ খন জিলাৰ ৪১১খন গাওঁ বানৰ কবলত, প্ৰায় ১লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৭খন জিলাৰ ৪১১খন গাওঁ বানৰ কবলত পৰিছে। তথ্য অনুসৰি বানত প্ৰায় ১লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ব্ৰহ্মপুত্ৰৰ জলন্তৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও অঞ্চল বানত বুৰ গৈছে। কঁহৰা বনাঞ্চলৰ আমিৰা আৰু অগৰাতলী বনাঞ্চলৰ মাকলুং বন শিবিৰ প্লাবিত হৈছে। ইপিনে, দেৰগাঁৱৰ চৰাই চাপৰি, নামাৰি, আবানি, শগুণ পাৰাকে ধৰি কেইবাখনো গাঁৱত বানে জটিল ৰূপ ধাৰণ কৰিছে। বানত কেইবাটাও মূল পথ বুৰ যোৱাত বন্যার্তই যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনহাতে, তিনিচুকীয়া জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তীত হৈ আছে। জিলাখনৰ নৈ -উপনৈ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত প্ৰতিদিনে ন ন অঞ্চল প্লাবিত হৈছে। দুর্যোগজনিত জৰুৰীকালীন সহায়ৰ বাবে জিলা প্রশাসনে ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ থকাকৈ কেইবাটাও দূৰভাষ নম্বৰ মুকলি কৰিছে।

অধিক পঢ়ক

সকলো চাওক