ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচনৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত পৰৱৰ্তী সময়ত বিশেষ ছুটি লাভ কৰিব বুলি ৰাজ্য চৰকাৰে এখন নির্দেশনাযোগে প্রকাশ কৰিছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভন্নমে কালি কাছাৰ, বঙাইগাওঁ, বিশ্বনাথ, চিৰাং আৰু নগাওঁ জিলাৰ আয়ুক্তলৈ এখন নিৰ্দেশনা প্ৰেৰণ কৰিছে। সেই অনুসৰি নিৰ্বাচনী কাম-কাজত নিয়োজিত ব্যক্তিসকলে নির্বাচন সম্পন্ন হোৱাৰ পিছতে এই বিশেষ ছুটিৰ সুবিধা লব পাৰিব। উল্লেখযোগ্য যে এই যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ ছুটিৰ সুবিধা আগবঢ়াইছে। ইয়াৰ লগতে এই বিশেষ ছুটিৰ অধীনত কৰ্মচাৰীসকলক ষট পূজা উপলক্ষে ৭ নৱেম্বৰ আৰু দ্বিতীয়টো শনি আৰু ৰবিবাৰ অৰ্থাৎ ৯ আৰু ১০ নৱেম্বৰকো অন্তৰ্ভুক্ত কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। একেলগে শিক্ষক-শিক্ষয়িত্ৰীসকলকো অহা ৯ নৱেম্বৰত মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত বিশেষ ছুটি প্রদানৰ সুবিধা প্ৰদান কৰিছে।
Site Admin | November 3, 2024 12:54 PM | Assam Government Circular