ৰাজ্যৰ ৫ টা সমষ্টিত অহা ১৩ নৱেম্বৰত হবলগীয়া উপ নির্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা কৰাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা ধলাই বিধানসভা সমষ্টিৰ এজন নির্দলীয় প্রার্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ ফলত সমাগত উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৪ গৰাকী হয়। উপ-নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ ভিতৰত ধলাইত ৮ জন, ছিদলীত ৩ জন, বঙাইগাঁৱত ৮ জন, বিহালীত ৪ জন আৰু চামগুৰি সমষ্টিত ১১ জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিব। ইফালে, উপ-নির্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। পাঁচোটা সমষ্টিতে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আম আদমী পাৰ্টীয়ে তীব্ৰ প্ৰচাৰ অভিযান চলায়। চামগুৰি সমষ্টিত বিজেপি প্রার্থী দিপ্লুৰঞ্জন শৰ্মাৰ সমৰ্থনত মন্ত্ৰী বিমল বৰাই কেইবাখনো এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। চিৰাং জিলাৰ ছিদলী বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমৰ্থনত কালি প্ৰচাৰ চলোৱা হয় ৷
Site Admin | October 31, 2024 11:40 AM | assam bye election 34 candidate