ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনত বিজেপি মিত্রজোঁটে পাঁচোটা সমষ্টিতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীয়ে ৩৫ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে। একেদৰে, চিদলী সমষ্টিত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ইউ পি পি এলৰ নিৰ্মল কুমাৰ ব্ৰহ্মই ৩৭ হাজাৰতকৈ অধিক ভোটত জয়ী হৈছে। কৰে। নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপি প্রার্থী দিপলুৰঞ্জন শৰ্মাই ২২ হাজাৰতকৈ অধিক ভোটত জয়লাভ বিহালী সমষ্টিত বিজেপি প্রার্থী দিগন্ত ঘাটোৱালে ৯ হাজাৰতকৈ অধিক ভোটত জয়ী হৈছে। ধলাই সমষ্টিত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসে জয়লাভ কৰিছে। উপ-নির্বাচনত বিজেপি মিত্রজোঁটে আটাইকেইখন আসনতে জয়লাভ কৰাৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভোটদাতা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। সভাপতিগৰাকীয়ে লগতে কয়, যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবে সমষ্টিকেইটাৰ ভোটদাতাসকলে শাসকীয় দলটোৰ পক্ষত জনমত দিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দলীয় কৰ্মীসকলৰ লগতে ভোটদাতাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছে। চামগুৰি সমষ্টিত ২৫ বছৰৰ অন্তত বিজেপি প্রার্থীয়ে জয়লাভ কৰাটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-শাসন আৰু উন্নয়ন নীতিৰ বাস্তৱিক তথা সাৰ্থক ৰূপটোকে প্রতিফলিত কৰিছে। বিজেপি চৰকাৰৰ কল্যাণকামী মনোভাৱাপন্ন কার্যপ্ৰণালীৰ প্ৰতি ৰাইজৰ সমৰ্থন আৰু বিৰোধীৰ বিভাজনকামী ৰাজনীতিক প্রত্যাখ্যান কৰা বুলি তেওঁ উল্লেখ কৰে। অসম বিধানসভাৰ উপ নির্বাচনত ঐতিহাসিক বিজয়ত আনন্দ প্রকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে এই জয়যাত্ৰা অপ্ৰতিৰোধ্য বিজেপি নেতৃত্বাধীন এন ডি এৰ জয়যাত্রা। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত সবকা সাথ সবকা বিকাশ নীতিৰে চৌদিশে যি আমূল পৰিৱৰ্তনৰ সূচনা হৈছে, তাৰে পৰিপ্ৰেক্ষিতত সৰ্বস্তৰৰ ৰাইজৰ আস্থা বিশ্বাস, সঁহাৰি সমৰ্থন পূর্ণোদমে অটুত আছে বিজেপিৰ পক্ষত। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনকল্যাণকামী নীতিয়ে সকলোৰে জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে বুলিও তেওঁ উল্লেখ কৰে। ইফালে, মেঘালয়ত উপ নির্বাচন অনুষ্ঠিত হোৱা একমাত্র আসনখনত মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দলে জয়লাভ কৰিছে। মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নী মেহতাব চান্দিয়ে গেমবেগ্ৰেহ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি ১২ হাজাৰ ৬৭৮টা ভোটত জয়লাভ কৰে। একেদৰে, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত মুঠ ২৮৮ খন আসনৰ ভিতৰত বিজেপিয়ে ১৩২ খন, শিৱসেনাৰ একনাথ সিন্দে গোটে ৫৭ খন, এন চি পিৰ অজিত পাৱাৰ গোটে ১০ খন, শিৱসেনাৰ উদ্ধাৰ থাকৰে গোটে ২০ খন আসন লাভ কৰিছে। ইফালে, ঝাৰখণ্ড বিধানসভাৰ ৮১ খন আসনৰ ভিতৰত ঝাৰখণ্ড মুক্তি মৰ্চাই ৩৪ খন, কংগ্ৰেছে ১৬ খন, আৰ জে ডিয়ে ৪ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২১ খন আসনত জয়লাভ কৰিছে।
Site Admin | November 24, 2024 11:07 AM | Assam by election