ডাউনলোড
মোবাইল এপ

android apple
signal

November 23, 2024 10:48 AM | Assam by election

printer

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনা অব্যাহত

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনা চলি আছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ মুঠ ৬৮ খন ভোটগণনা মেজত ভোটগণনা কৰাৰ পূৰ্বে মুঠ ৯ খন মেজত ডাকযোগে অহা বেলট কাকতসমূহ গণনাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পাছত ৮৫ বছৰ ঊৰ্ধৰ ভোটদাতাসকলে বেলট কাকতত দিয়া ভোটসমূহ গণনা কৰা হ’ব। দুপৰীয়াৰ ভাগত ভোটগণনাৰ প্ৰাৰম্ভিক ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ভোটগণনাৰ বাবে প্ৰায় তিনিশ পঞ্চাছ গৰাকী কৰ্মচাৰীক নিযুক্ত কৰা হৈছে। ভোটগণনা কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে আৰু ভোটগণনা কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ভোটগণনাৰ ফলাফল প্রার্থী আৰু সংবাদ মাধ্যমক জনোৱাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এই সমষ্টিকেইটাত যোৱা ১৩ নৱেম্বৰত অনুষ্ঠিত উপ-নির্বাচনৰ ভোটগ্রহণত সামগ্ৰিকভাৱে প্রায় ৭৬ শতাংশ ভোটাদাতাই ভোটদান কৰিছিল । নগাঁও জিলা চামগুৰি বিধানসভা সমষ্টিৰ ভোটগণনা কাৰ্য আজি পুৱা ৮ বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈছে। ভোটগণনা কার্য এই পর্যন্ত সুকলমে চলি আছে আৰু মুঠ ১৫টা ৰাউণ্ডত ভোটগণনা সম্পন্ন হ’ব বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জানিবলৈ দিয়ে। ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নির্বাচনবো আজি ভোটগণনা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক