ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত কাইলৈ হ’বলগীয়া উপ-নির্বাচনৰ ভোটগ্রহণৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা চিদলী, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ বাবে মুঠ ১,০৭৮টা কেন্দ্ৰত ভোটগ্রহণ কৰা হ’ব। ইয়াৰে চিদলীত ২৭৩টা, বঙাইগাঁৱত ২৪৬টা, চামগুৰিত ১৯৭টা, বিহালীত ১৫৪টা আৰু ধলাইত ২০৮টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহত ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ দায়িত্বত নিয়োজিত প্রায় ৪,৫০০ গৰাকী বিষয়া-কৰ্মচাৰী আজি বিয়লিৰ ভিতৰত নিজ নিজ কর্মস্থলীত উপস্থিত হ’ব বুলি নির্বাচন আয়োগে প্ৰকাশ কৰিছে।
চামগুৰি সমষ্টিত উপ-নির্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত ভালেমান হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ প্ৰায় প্ৰতিটো কেন্দ্ৰতেই সশস্ত্র নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। একেদৰে আন চাৰিটা সমষ্টিৰ স্পর্শকাতৰ আৰু অতি স্পর্শকাতৰ ভোটগ্রহণ কেন্দ্ৰসমূহতো সশস্ত্র নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰা হৈছে। উপ-নির্বাচন নির্বিঘ্নে সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। সংশ্লিষ্ট জিলা আয়ুক্তকেইগৰাকীয়ে এই সমষ্টিকেইটাৰ অন্তৰ্গত অঞ্চলসমূহত কালিৰে পৰা কাইলৈ বিয়লি ৫ বজালৈ সুৰাৰ প্রচলন নিষিদ্ধ কৰিছে।
উল্লেখযোগ্য যে কাইলৈ হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধলাই আসনৰ বাবে ৮ গৰাকী, চামগুৰিৰ বাবে ১১ গৰাকী, চিদলীৰ বাবে ৩ গৰাকী, বিহালী আসনখনৰ বাবে ৪ গৰাকী আৰু বঙাইগাঁও সমষ্টিত ৮ গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। নিৰ্বাচনৰ আয়োগৰ তথ্য অনুসৰি এইবাৰো উপ-নির্বাচনত ৯ লাখ ১২ হাজাৰৰো অধিকসংখ্যক ভোটদাতাই এই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। এইসকলৰ মাজত পুৰুষ ভোটদাতাৰ সংখ্যা ৪ লাখ ৫৫ হাজাৰ ১২৪ আৰু মহিলা ভোটদাতাৰ সংখ্যা ৪ লাখ ৫৬ হাজাৰ ৮৮২ হোৱাৰ বিপৰীতে ১৯ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। উল্লেখযোগ্য যে অহা ২৩ নৱেম্বৰত এই উপ-নির্বাচনৰ ভোটগণনা কৰা হ’ব।
কাইলৈ হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি বিয়লি সামৰণি পৰে। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ভোটদাতাৰ মন আকৰ্ষণ কৰিবলৈ ভিন ভিন বাজনৈতিক দল আৰু প্ৰাৰ্থী তথা সমৰ্থকসকলে কালি সর্বাত্মক প্রচেষ্টা চলায় আৰু প্ৰচাৰ অভিযানৰ উত্তাপ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়।