ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ’বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। চিৰাং জিলাৰ চিদলী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কেবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ লগতে ইউ পি পি এল দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আজি সমষ্টিটোত মন্ত্ৰী অশোক সিংহল, ডাঃ ৰণোজ পেগু আৰু নন্দিতা গাৰ্লোচাই প্ৰচাৰ অভিযান চলাব বুলি দলীয় সূত্রই প্রকাশ কৰিছে। ইপিনে সমষ্টিটোত কংগ্ৰেছ দলেও প্ৰচাৰ অভিযান চলাই আছে। আজি বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব।
ধলাই সমষ্টিত কালি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সমষ্টিটোৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ পাঁচখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমান্তৰালকৈ সমষ্টিটোত বিজেপিয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ধলাই সমষ্টিত বিজেপি প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাব।
আনহাতে, বিহালী সমষ্টিত কালি কংগ্ৰেছ দলৰ সাংসদ তথা বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷
ইপিনে ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ দায়িত্বত নিয়োজিত কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত বিশেষ ছুটী লাভ কৰিব বুলি প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলক অহা ৬ আৰু ৮ নৱেম্বৰত এই ছুটীৰ সুবিধা আগবঢ়াইছিল। এই বিশেষ ছুটীৰ অধীনত কৰ্মচাৰীসকলক ৭ নৱেম্বৰ ষট পূজা, ৯ নৱেম্বৰ মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰৰ দিনটো একেলগে সামৰি লোৱা হ’ব বুলি কোৱা হৈছিল। উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ ফলত সংশ্লিষ্ট সমষ্টিকেইটাৰ কৰ্মচাৰীসকলৰ বাবে এই ছুটী লোৱাত সমস্যা সৃষ্টি হোৱাৰ বাবে পৰৱৰ্তী সময়ত এই ছুটী প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে৷

অধিক পঢ়ক

সকলো চাওক