ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। বিজেপিয়ে কালি ৩ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সমান্তৰালভাৱে নিৰ্বাচনী অভিযানো তীব্ৰতৰ কৰি তুলিছে। দলটোৱে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চামগুৰিত দিপ্লুৰঞ্জন শৰ্মাক প্রার্থিত্ব প্ৰদান কৰিছে। ইফালে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটেও নির্বাচনী প্রস্তুতি চলাইছে যদিও এতিয়ালৈকে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। উল্লেখযোগ্য যে বঙাইগাঁও, ছিদলী, ধলাই, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত উপ-নির্বাচন অনুষ্ঠিত হ’ব। উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিকেইটাত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নগাঁও জিলাৰ ছপাশালসমূহত পুস্তিকা, পোষ্টাৰ আদি ছপাৰ ক্ষেত্ৰত জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ১২৭ (ক) ধাৰাত থকা নিষেধাজ্ঞাসমূহ মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি ৰাজনৈতিক দল বা প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ দ্বাৰা নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে জনসমাগম, শোভাযাত্ৰা, ৰাজহুৱা সভা আদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পূৰ্বে অনুমতি ল’লেও কোনো দল অথবা প্রার্থীয়ে নিশা ১০ বজাৰ পাছত নির্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। একেদৰে উচতনিমূলক, সাম্প্ৰদায়িক, ৰাষ্ট্ৰবিৰোধী, জাতীয়তা বিৰোধী, ভাষণ বা শ্লোগান, আপত্তিজনক আৰু বিভিন্ন বৰ্ণ ভাষিক বা ধর্মীয় গোটক আঘাত হানিব পৰা বিষয় লৈ যুগুত কৰা বেনাৰ পোষ্টাৰ আদিও নিষিদ্ধ কৰা হৈছে। যিকোনো উদ্দেশ্যৰ বাবে অনুদান সংগ্রহ, আগ্নেয়াস্ত্র, বিস্ফোৰক সামগ্ৰী আদি কঢ়িয়াই নিয়াৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে আইন প্রয়োগকাৰী কৰ্মী, চৰকাৰী বিষয়া-কৰ্মচাৰী আদিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহ’ব ।

অধিক পঢ়ক

সকলো চাওক