ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। ইয়াৰ লগে লগে সমষ্টিকেইটাত মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে ধলাই, চিদলী, বঙাইগাওঁ, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত উপ নির্বাচন অনুষ্ঠিত হ’ব। ৫টা সমষ্টিত সৰ্বমুঠ ৯ লাখ ১০ হাজাৰ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। নির্বাচন হ’বলগীয়া সমষ্টিকেইটাত মুঠ এহেজাৰ ৭৮টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। এই পাঁচোটা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে থকা অঞ্চলসমূহ সামৰি এই নির্বাচন অনুষ্ঠিত হ’ব। উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু ইউ পি পি এল দলে নির্বাচনী প্ৰস্তুতি অব্যাহত ৰাখিছে। ইপিনে, উপ নির্বাচনৰ প্ৰস্তুতিৰে আজি কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত বিৰোধী মৰ্চাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কংগ্ৰেছৰ তত্বাৱধায়ক ড° জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছৰ নেতাসকলৰ লগতে বিৰোধী মৰ্চাৰ নেতাসকলে আসন্ন উপ-নিৰ্বাচনৰ বাবে প্রার্থিত্বৰ ভাগ-বটোৱাৰা সন্দৰ্ভত আলোচনা কৰে। আনহাতে, ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হ’ব। অহা ১৩ নৱেম্বৰত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যখনৰ ৪৩টা সমষ্টি সামৰি লোৱা হ’ব। ৰাজ্যখনত এইবেলি দুটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব। অহা ২৩ নৱেম্বৰত ৰাজ্যখনত ভোট গণনা কৰা হ’ব। উল্লেখযোগ্য যে, নির্বাচন আয়োগে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ বাবে অনলাইন মনোনয়ন দাখিলৰ সুবিধা প্ৰদান কৰিছে। ঝাৰখণ্ডৰ মুখ্য নির্বাচনী বিষয়াকে ৰবি কুমাৰে কয় যে মনোনয়ন প্রপত্র subidha.gov.in পোৰ্টেলত উপলব্ধ। একাউণ্ট প্রস্তুত কৰি প্ৰাৰ্থীসকলে মনোনয়ন প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। ইয়াৰ লগতে প্রার্থীসকলে শপতনামা অনলাইনতো পূৰণ কৰিব পাৰিব। প্ৰপত্ৰ পূৰণৰ পাছত প্ৰিণ্ট আউট কৰি ইয়াক ৰিটাৰ্ণিং বিষয়া ওচৰত মনোনয়নৰ সৈতে দাখিল কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক