ডাউনলোড
মোবাইল এপ

android apple
signal

May 6, 2024 8:04 PM | 3rd phase

printer

ৰাজ্যৰ ৪টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনৰ যাৱতীয় প্রস্তুতি সম্পূর্ণ

তৃতীয় পর্যায়ত কাইলৈ ৰাজ্যৰ ৪টা সমষ্টিত হ’বলগীয়া লোকসভা নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ’ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্রশাসন তথা নির্বাচন বিভাগসমূহে ভোটগ্রহণ প্রক্রিয়া স্বচ্ছ, শান্তিপূর্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্রহণ কেন্দ্রসমূহত পর্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ ব্যৱস্থাসমূহ ৰখাৰ দিহা কৰা হৈছে। বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প, প্রসূতি মাতৃসকলৰ বাবে শিশুক দুগ্ধপান কক্ষৰ ব্যৱস্থা, খোৱাপানী, শৌচাগাৰ, বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থা লোৱা হৈছে। প্রতিটো ভোটকেন্দ্ৰৰ বাবে নিয়োজিত বিষয়া- কর্মীসকল নিজ নিজ কেন্দ্রত ই ভি এম সহ উপস্থিত হৈছে। বৰপেটা সমষ্টিত কাইলৈ হ’বলগীয়া নিৰ্বাচনৰ বাবে বৰপেটাৰ মাধব চৌধুৰী মহাবিদ্যালয়ৰ পৰা ভোটগ্রহণৰ দায়িত্বত নিয়োজিত বিষয়াৰ দলসমূহ আজি ৰাওনা হয়। ইয়াৰ পূৰ্বে কালি ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত স্থাপন কৰা ১১২ টা ভোট কেন্দ্ৰলৈ কালি ৰাওনা হোৱা দলসমূহ গন্তব্য স্থানত উপস্থিত হোৱা বুলি জিলা ৰিটার্নিং বিষয়াই প্রকাশ কৰে। জিলাখনত এহেজাৰ ৩৪টা ভোটকেন্দ্র আছে। আনহাতে ১০ টা কেন্দ্ৰ মহিলাৰ দ্বাৰা আৰু ৪টা বিশেষভাবে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। বৰপেটা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ প্রিজাইডিং আৰু পোলিং বিষয়াসকল আজি সংশ্লিষ্ট ভোটকেন্দ্রসমূহত উপস্থিত হৈছে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত তিনি হাজাৰ ২০৯ গৰাকী বিষয়া নিয়োগ কৰা হৈছে। বঙাইগাঁৱত ৬৮৯ টা ভোটগ্রহণ কেন্দ্ৰৰ ভিতৰত ১৩টা মহিলা বিষয়াৰ দ্বাৰা, ৫টা যুৱ বিষয়াৰ দ্বাৰা আৰু তিনিটা বিশেষভাবে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হ’ব। জিলাখনত মুঠ ১৬ টা আদর্শ ভোটগ্রহণ কেন্দ্র থাকিব। গুৱাহাটী সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰ নিৰ্বাচনী জিলাত আজি নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়াসকল পুৱাৰ ভাগতে গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ পৰা সা-সামগ্রি সহ ৰাওনা হয়। জিলাখনৰ ৰিটার্নিং বিষয়া সুমিত সাত্তাৱানে প্ৰকাশ কৰা মতে জিলাখনত এহেজাৰ ২৬টা ভোট কেন্দ্ৰৰ ভিতৰত ১০০ টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। আনহাতে ২৬ টা আদর্শ ভোটকেন্দ্র থাকিব। জিলাখনত প্রায় ৭ হাজাৰ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। ভোটকেন্দ্রসমূহত তিনিটাকে শাৰী থাকিব আৰু এটা পুৰুষৰ, আনটো মহিলাৰ হোৱাৰ লগতে তৃতীয়টো জ্যেষ্ঠ নাগৰিক, দিব্যাংগ আৰু সন্তান সম্ভৱাসকলৰ বাবে ৰখা হ’ব। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাত ১০ লাখ ৫০ হাজাৰৰো অধিক ভোটদাতা আছে বুলি তেওঁ প্রকাশ কৰে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাৰ ছিদলী-চিৰাং বিধানসভা সমষ্টিত এহেজাৰ ১৮৪ গৰাকী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। সমষ্টিটোৰ স্পৰ্শকাতৰ ভোটগ্রহণ কেন্দ্রসমূহত মাইক্র অবজার্ভাৰ নিয়োগ কৰা হৈছে। জিলাখনৰ বিজনী সমষ্টিৰ ২২০টা কেন্দ্ৰত ভোটগ্রহণৰ বাবে নির্বাচনী বিষয়াৰ দল গৈ সংশ্লিষ্ট কেন্দ্রসমূহত উপস্থিত হৈছে। একেদৰে কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত বাক্সা নির্বাচনী জিলাৰ ৪৭৬টা ভোটগ্রহণ কেন্দ্রত কাইলৈ ভোটগ্রহণ কৰা হ’ব। বাক্সা জিলাৰ দুটা বিধানসভা সমষ্টিত প্রায় ৪ লাখ ভোটদাতা আছে। ইপিনে গুৱাহাটী আৰু ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিত ৯১০ টা ভোটগ্রহণ কেন্দ্রত কাইলৈ ভোটগ্রহণ কৰা হ’ব। ইয়াৰে ৪০টা কেন্দ্র মহিলা বিষয়াই পৰিচালনা কৰিব। নলবাৰী জিলা প্রশাসনেও কাইলৈ হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিছে। জিলাখনৰ ৭৫৬ টা কেন্দ্ৰত আজি বিষয়া-কর্মচাৰীসকল উপস্থিত হৈছে। জিলাখনৰ দুৰ্গম স্থানত থকা ৫১ টা ভোটগ্রহণ কেন্দ্রত কালিয়ে বিষয়া- কৰ্মচাৰীসকল উপস্থিত হয়। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত ৬ লাখ ২০ হাজাৰৰো অধিক ভোটদাতা আছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে যাবতীয় প্রস্তুতি সম্পূর্ণ হৈছে। জিলাখনত ৩৪৭টা ভোটগ্রহণ কেন্দ্রত ইতিমধ্যে বিষয়াসকল উপস্থিত হৈছে। ইপিনে, নির্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ ছীল কৰি দিয়া হৈছে। এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কূটাঘাতমূলক কার্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে।

অধিক পঢ়ক

সকলো চাওক