ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সৰ্থেবাৰীত বৰপেটা লোকসভা সমষ্টিৰ অগপ, বিজেপি আৰু ইউ পি পি এলৰ সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ড০ শৰ্মাই কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত বড়োলেণ্ড, কার্বিআংলং আৰু ডিমা হাছাওত আন্দোলন আৰু বোমা-বাৰুদৰ সলনি উন্নয়ন আৰু শান্তিৰ পৰিবেশ ৰচনা হৈছে। নিবনুৱা সমস্যা সমাধানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বর্তমান খাটি খোৱা লোকৰ ল’ৰা-ছোৱালীয়ে বিনা পইচাৰে চাকৰি লাভ কৰিছে। আনহাতে মুখ্যমন্ত্ৰীয়ে কালি পলাশবাৰী আৰ বি হাইস্কুল উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত খেলপথাৰত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী সমষ্টিত বিজেপি প্রার্থীৰ জয়ী হ’ব বুলি আশা প্রকাশ কৰে। আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি গুৱাহাটী মহানগৰীৰ বশিষ্ঠ বৰপথাৰ ৰংগমঞ্চ, পাটৰকুচি, বতাহঘূলি, পাঞ্জাবাৰী, দক্ষিণগাঁও, হিড়িম্বাপুৰ বেলতলি বিহুমঞ্চ, কাহিলিপাৰা, ৰুক্মিনীগাঁও, হাতীগাঁৱৰ লখিমীনগৰৰ তিনিআলিত নির্বাচনী কার্যালয় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে প্ৰচাৰ চলাব । ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই কালি বৰপেটা জিলাৰ কয়াকুচিত কংগ্ৰেছৰ বৰপেটা আৰু কোকৰাঝাৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী দ্বীপ বায়ন আৰু গৰ্জন মুছাহাৰীৰ সমৰ্থনত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত শ্ৰীখাৰ্গেয়ে দলটোৱে শাসনলৈ আহিলে মহিলাসকলক ১ লাখ টকাৰ বিত্তীয় সাহায্যৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে কংগ্ৰেছ নেতাগৰাকীয়ে যুৱক-যুৱতীসকলৰ বাবে ১ লাখ টকাৰ শিক্ষাবৃত্তি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শাসনাধিষ্ঠ বিজেপি দলক তীব্র সমালোচনা কৰি শ্ৰীখাৰ্গেই কয় যে, কংগ্ৰেছে বিজেপিৰ দৰে কেৱল প্ৰতিশ্ৰুতি প্ৰদান নকৰি প্ৰতিশ্ৰুতি পূৰণৰ কাৰণেও অহোপুৰুষাৰ্থ কৰে। ইয়াৰ পূৰ্বে গুৱাহাটীত এখন সংবাদমেলক সম্বোধন কৰি কংগ্ৰেছ নেতাগৰাকীয়ে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে দলটোৱে অহৰহ যুঁজ দিয়াৰ উপৰি ৫টা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু ২৫টা গেৰাণ্টি জনসাধাৰণক দিছে বুলি প্ৰকাশ কৰে । বৰপেটা সমষ্টিৰ চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে অভয়াপুৰী বিধানসভা সমষ্টিত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফনীভূষণ চৌধুৰীক সমালোচনা কৰে। বিধানসভাৰ আলোচনাত নিমাতে থকা ফণীভূষণ চৌধুৰীক বৰপেটাবাসী ৰাইজে ভোটদান নকৰে বুলি শ্ৰী তালুকদাৰে মন্তব্য কৰে। ইপিনে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কালি ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি চিৰাং জিলাত বিপিএফ, জিএছপি আৰু অন্যান্য দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক