July 7, 2024 6:51 PM | Assam Flood

printer

ৰাজ্যৰ ২৯ খন জিলাৰ প্ৰায় ২৪ লাখ লোক বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৯ খন জিলাৰ প্ৰায় ২৪ লাখ লোক এতিয়াও বানৰ কবলত আছে। আনহাতে, বিগত ২৪ ঘণ্টাত আৰু ৬ জন লোকে প্ৰাণ হেৰুৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ১০৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৫০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি নষ্ট হৈছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে বিগত ২৪ ঘণ্টাত বিভিন্ন প্ৰান্তৰ ২১৮ জন লোকক উদ্ধাৰ কৰিছে। কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি নিমাতিঘাট, তেজপুৰ, ধুবুৰী আৰু ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে আন কেইবাখনো নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। শেহতীয়া বানে বিগত ২৪ ঘণ্টাত ১৭৬টা পথ আৰু দুখন দলঙৰ লগতে আন বহুতো আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত কৰিছে। এই বানত ১৫ লাখৰো অধিক জীৱ-জন্তু ক্ষতিগ্রস্ত হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন প্ৰান্তত ২৯৩ টা সাহায্য শিবিৰ আৰু ২৮৪টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। ইপিনে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত অহা ২৪ ঘণ্টাত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক