উৎকৃষ্ট সেৱাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা উল্লেখযোগ্য সাফল্যৰ বাবে দৰং জিলাই চলিত বছৰৰ জুলাই মাহত ৰাজ্যখনৰ ২৪খন পুৰণি জিলাৰ ভিতৰত গ্ৰুপ এত তৃতীয় কৃতী জিলা হিচাপে স্থান লাভ কৰিছে। অসম চৰকাৰে ৰাজ্যখনৰ নিৰ্ধাৰিত জনসংখ্যাৰ ২ শতাংশকৈও অধিক বসতি থকা জিলাসমূহৰ মাজৰ পৰা এই জিলাকেইখন বাছনি কৰিছে। এই শিতানত শিৱসাগৰ জিলাই প্ৰথম আৰু যোৰহাটে দ্বিতীয় স্থান লাভ কৰে। মুঠ আঠখন জিলাকহে কৃতি জিলা হিচাপে বাছনি কৰি হৈছিল। আনহাতে, ২৪খন জিলাৰ ভিতৰত প্ৰতিখনকে প্ৰদৰ্শনকাৰী আৰু অভিলাষী জিলাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল। দৰং জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে এই বিষয়ে প্ৰকাশ কৰি সঠিক পৰিকল্পনা আৰু কাৰ্য ৰূপায়ণৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ সামূহিক প্ৰচেষ্টাৰ ফলত জিলাখনে এই কৃতিত্ব লাভ কৰিছে বুলি উল্লেখ কৰে।
Site Admin | September 1, 2024 9:20 PM | Darang District