ডাউনলোড
মোবাইল এপ

android apple
signal

July 14, 2024 12:43 PM | Assam Flood

printer

ৰাজ্যৰ ২১ খন জিলাৰ প্ৰায় ৮ লাখ ৪০ হাজাৰতকৈ অধিক লোক এতিয়াও বানৰ কবলত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ ২১ খন জিলাৰ প্ৰায় ৮ লাখ ৪০ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্র, বৰাককে ধৰি প্ৰধান প্ৰধান নদীসমূহৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও ৬১টা ৰাজহ চক্ৰৰ এহেজাৰ ৭০৫ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ২৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি ধেমাজি জিলাত বানৰ ফলত পুনৰ এজন লোকে প্ৰাণ হেৰুৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯১ লৈ বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা ২২১টা আশ্রয় শিবিৰত ৩৬ হাজাৰতকৈ অধিক লোকে আশ্ৰয় লৈ আছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱক সকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে বানত হোৱা ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰ্থিক অনুদান প্ৰেৰণ কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। বিভিন্ন জিলাত প্ৰশাসনে বানৰ ক্ষয়-ক্ষতি সন্দৰ্ভত পৰ্যালোচনা অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক