ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত

বিগত কিছু দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল প্লাবিত হৈছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ ১৪খন জিলাৰ কমেও এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত বৰষুণৰ ফলত বান পৰিস্থিতিৰ অবনতি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈ ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে। বানত তামুলপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা জিলা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ কেইবাখনো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকা বুলি দুৰ্যোগ প্রশমন বিভাগে প্রকাশ কৰিছে।
নগাঁও জিলাৰ কামপুৰ অঞ্চল বছৰৰ দ্বিতীয়টো বানত ক্ষতিৰ সন্মুখীন হৈছে। নেৰানেপেৰা বৰষুণ আৰু খান্দং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত কামপুৰৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে। কামপুৰ ৰাজহচক্ৰৰ কমেও ১০ খন গাঁও বাঢ়নি পানীয়ে বুৰাই পেলাইছে। ইপিনে, নলবাৰীত বুঢ়াদিয়া নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কমেও ২০ গাঁও বানত বুৰ যোৱাৰ আশংকাই দেখা দিছে। লখোপুৰ, কেন্দুবাৰী, গান্ধীবস্তি, ভোজকুছিকে ধৰি কেইবাখনো গাঁও বানৰ ফলত ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে। ইপিনে ধুবুৰী জিলাত ধাৰাষাৰ বৰষুণৰ ফলত গৌৰাং নৈ ফেনেফোটোকাৰে বাঢ়ি আহিছে। তদুপৰি নৈখনৰ খহনীয়াই বিলাসীপাৰা মায়াৰ চৰ সংযোগী মূল পথটোৰ একাংশ খহাই পেলাইছে। অঞ্চলটোৰ ৰাইজে জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। বাক্সা জিলাৰ ৰংদিয়াপাৰাত বানৰ ফলত স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈছে। পল্লা নৈৰ বাঢ়নি পানীয়ে জিলাখনৰ বিভিন্ন অঞ্চল আৰু কেইবাখনো বিদ্যালয় বুৰাই পেলাইছে। হাইলাকান্দি জিলাৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ পুনৰ বানৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে। জিলাখনৰ সৰসপুৰ অঞ্চলত কেইবাখনো বিদ্যালয় বানত বুৰ গৈছে। তদুপৰি সনবিলত গড়কাপ্তানি পথ পানীত বুৰ যোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈছে। একেদৰে জিলাখনৰ সিৰিশপুৰ আৰক্ষী চকী পানীত বুৰ গৈছে। বজালী জিলাৰ পাঠশালাত পহুমৰা আৰু কালদিয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত বান পৰিস্থিতি জটিল হৈছে। বৰপেটা জিলাত ধাৰাষাৰ বৰষুৰ ফলত নখান্দা, মৰাচাউলখোৱা আৰু কালদিয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। আনহাতে দৰং জিলাত ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে। ইফালে মেঘালয়ৰ ৰাটাচৰাত পুৱা ভূমিস্খলনৰ ফলত শিলচৰ-গুৱাহাটী সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনসমূহ এতিয়াও আবদ্ধ হৈ আছে। ৰাতাচৰাত আজি পুৱতিনিশা পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।

অধিক পঢ়ক

সকলো চাওক